গুৱাহাটী ২৭ আগষ্ট (হি.স.)। নতুন দিল্লীত যোৱা কালি মঙলবাৰে ছোনীয়া গান্ধী আৰু গৌৰৱ গগৈৰ প্রয়াত পিতৃ তৰুণ গগৈৰ বান্ধৱী ছৈয়দা হামিদে অসমীয়া মানুহক দানৱ বুলি কৰ| মন্তব্যক তীব্ৰ গৰিহণা দিছে অসম প্রদেশ, ভাৰতীয় জনতা পাৰ্টিয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত বাংলাদেশী মিঞা অসমলৈ অনায়সে আহিব পাৰিছিল আৰু সত্ৰ, বনাঞ্চল, চৰকাৰী ভূমি সহজে দখল কৰিছিল। তেতিয়া অসমীয়া মানুহক কংগ্ৰেছী সমৰ্থক ছৈয়দা হামিদৰ মতে দেৱতা আছিল।
কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ভৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বাংলাদেশী মিঞা অসমলৈ নতুনকৈ অহাৰ পথ বন্ধ কৰাৰ লগতে বনাঞ্চল, চৰকাৰী ভূমিৰ, সত্ৰৰ পৰা অবৈধ বেদখলকাৰী মিঞাক উচ্ছেদ কৰিবলৈ দৃঢ় পদক্ষেপ লৈছে আৰু মুখ্যমন্ত্ৰীৰ পদক্ষেপক খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান আৰু ভাৰতীয়মূলৰ জনসাধাৰণে সমৰ্থন আগবঢ়াইছে সেই সময়ত অসমীয়া মানুহক হামিদৰ দৰে কংগ্ৰেছীয়ে দানৱ ৰূপে চিহ্নিত কৰিছে বুলি এক সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুঁমাৰ গোস্বামীয়ে মত প্রকাশ কৰে।
উল্লেখ্য যেযোৱা কিছুদিনৰ পৰা অসমৰ পূৰ্ববংগীয় মুছলমানৰ বসতি প্রধান অঞ্চলসমূহত, বিশেষত ধুবুৰী,বৰপেটা গোৱালপাৰা, মঙ্গলদৈ আদি জিলাসমূহৰ বিশেষ অঞ্চলসমূহত ছৈয়দা হামিদ, জওহৰ চিৰকাৰ, ৱাহাজাট হাবিবুল্লাহ, হৰ্ষমন্দেৰ, ফাৱাজ শাহিন আদি কিছু ব্যক্তিয়ে সন্দেহজনক ভাৱে পৰিভ্ৰমণ কৰিছে আৰু এই লোকসকলক একাংশ যুৱ কংগ্ৰেছীয়ে সংগ দিছে।
সংবাদমেল খনত মুখপাত্ৰ গৰাকীয়ে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা জামাত এ ইছলাম নামৰ ইছলামিক উগ্ৰপন্থী সংগঠনটো শক্তিশালী হৈছে বুলি উল্লেখ কৰে। আনহাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তৎপৰ হৈ থকা জামাত এ ইছলামৰ অন্যতম উগ্ৰপন্থী ভাতৃ সংগঠনআনছাৰ বাংলা গোটৰ তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে অসম আৰক্ষীয়ে ৬০ জন আনছাৰ বাংলা গোটৰ উপ্রপন্থীক প্রেণ্ডাৰ কৰিব সক্ষম হৈছে।
মুখপাত্ৰ গৰাকীয়ে সন্দেহ কৰে যে উক্ত ছৈয়দা হামিদ, জওহৰ চিৰকাৰ, ৱাহাজাট হাবিবুল্লাহ, হৰ্ষ মন্দেৰ, ফাৱাজ শাহিন আদি ব্যক্তিয়ে জামাত এ ইছলামৰ পটভূমি অসমত তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। এই সকল লোকক অসমত সহযোগিতা কৰা অজিত ভূঞা, পৰেশ মালাকাৰ, ড০ হীৰেণ গোহাঁই আদি ব্যক্তি সকল তথা অজিত ভূঞাৰ ৰাজনৈতিক বন্ধু কংগ্ৰেছ, অজাপ, ৰাইজৰ দল আদিয়ে প্রকাৰন্তে মিঞা মুছলমানৰ পক্ষত অৱস্থান কৰি চৈয়দা হামিদ এণ্ড কোম্পানিক সহযোগিতা কৰিছে বুলি উল্লেখ কৰি এইসকল বদন ৰূপী অসমীয়াক চিহ্নিত কৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
