
ডিব্ৰুগড়, ০১ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিক ত্ৰলোক্য দাসৰ দেহাৱসান ঘটে । উক্ত ৰক্তচাপত অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল সাংবাদিকজন । দাসে ৩১ ডিচেম্বৰ সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে ।
উল্লেখ্য় যে ২৯ ডিচেম্বৰ দিনা চাবুৱাৰ এখন বাগিচাৰ চিকিৎসালয়ত চিকিৎসক নথকাৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত অসুস্থ হৈ পৰিছিল সাংবাদিকজন ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
