গোৱালপাৰা, ২৮ ছেপ্তেম্বৰ (হি.স.)। গোৱালপাৰাৰ ধূপধৰাত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত সংঘৰ্ষ । আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত চাৰিজন ডকাইত নিহত । ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবিত সংঘটিত উক্ত সংঘৰ্ষ। আৰক্ষীৰ অভিযানত ডকাইত কেইজনে ব্যৱহাৰ কৰা এখন বাহন উদ্ধাৰ কৰিব সক্ষম হয়। বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ০২ এ ই ২৬৩৩।
বাহন খনত চাৰিটা পিষ্টল উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । গোৱালপাৰাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ঘটনাস্থলীত উপস্থিত । নিহত ব্যক্তি সকলক ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে I মানুহ কেইজন বৰ্তমানলৈ চিনাক্ত হোৱা নায়। গাড়ীত অস্ত্ৰ থকাৰ খবৰ পাইছিল আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
