তামুলপুৰ, ০৭ আগষ্ট (হি.স.): তামুলপুৰ জিলাৰ গোৰেশ্বৰত গোৰেশ্বৰ মণ্ডল বিজেপিৰ উদ্যোগত গোৰেশ্বৰ বিজেপি কাৰ্যালয় প্ৰাঙ্গনত যোৱা কালি বুধবাৰে বিয়লি বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। সভাত অহা ৯ আগষ্টত গোৰেশ্বৰত মুখ্য মন্ত্ৰী আহিব বুলি জানিবলৈ দিয়ে। ভাষণত প্ৰধান মন্ত্ৰীৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰত শান্তি আনিলে বুলি উল্লেখ কৰে।
এই সভাত গোৰেশ্বৰ পাৰিষদীয় সমষ্টিৰ বিজেপিৰ দুই সম্ভাব্য প্ৰাৰ্থী চক্ৰ ধৰ বড়ো আৰু ডেৰহাচাৰ নাৰ্জাৰীৰ নেতৃত্বত সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰে। ইফালে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বিজেপিয়ে য’ত নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে তাতেই নিৰ্বাচন খেলিব।যোগদান সভাৰ পূৰ্বে চক্ৰধৰ বড়ো আৰু ডেৰহাচাৰ নাৰ্জাৰীৰ নেতৃত্বত বিজেপিত যোগদান কৰিবলৈ অহা সহস্ৰাধিক লোকে পৃথকে পৃথকে বিশাল ৰেলী উলিয়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
