কোকৰাঝাৰ, ১২ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ মথামবিল অঞ্চলত বান পানীৰ সৃষ্টি হৈছে । হঠাতে ভুটানৰ পৰা বৈ অহা নদীৰ বাঢ়নি পানীয়ে বান পানীৰ সৃষ্টি কৰিছে । প্লাবিত হৈছে ৰাইমোনা ৰাস্ত্ৰীয় উদ্যানৰ সমিপত থকা বহু কৈখন গাঁও।
ইতিমধ্যে বল্লামঝোৰা, জানালি,ৰাইমোনা, মথামবিল গাঁও সমুহত জলমগ্ন হৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । বানপানীৰ বাবে হাঁহ, কুকুৰা, জীৱ জন্তু আদিকে ধৰি মানুহৰ থকা খোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । বিভাগীয় কতৃপক্ষই ইতিমধ্যে উপস্থিত হৈ পৰিবেশৰ বুজ লৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
