গোলাঘাট, ২৬ অক্টোবৰ (হি.স.): গোলাঘাটৰ আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৱা নিশা আমোলাপট্টিৰ বিদ্যাপুৰ পথৰ ১২ নং ওৱাৰ্ডৰ নিবাসী পলাশ সন্দিকৈ নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ পাকঘৰটো সম্পূর্ণৰূপে জাহ যোৱাৰ লগতে প্রায় ৫০ লক্ষাধিক টকাৰ আচবাব নষ্ট হয়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। পাকঘৰত থকা ফ্রিজৰ পৰা চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
