গোলাঘাট, ৩১ আগষ্ট (হি.স.)। গোলাঘাট বেজবৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা পুৱাই ওলাল এক চাইকেল ৰেলি। হকীৰ যাদুকৰ মেজৰ ধ্যানচাদঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্য জুৰি পালন কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ তিনিদিনীয়া উদযাপনৰ অন্তিম দিনাৰ অনুষ্ঠানৰ অংশ হিচাপে আজি এই চাইকেল ৰেলী উলিওৱা হয়। গোলাঘাট জিলাৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগ তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত গোলাঘাট বেজবৰুৱা ক্ৰীড়া প্ৰকল্পত পৰা পুৱাই এই চাইকেল ৰেলি উলিওৱা হয়।
চহৰ খনৰ মাজেদি এই চাইকেল ৰেলি গৈ পুনৰ বেজবৰুৱা ক্ৰীড়া প্ৰকল্পত অন্ত পৰে। গোলাঘাটৰ সহকাৰি আয়ুক্ত অভিলাশ বৰা আৰু গোলাঘাট জিলাৰ ক্ৰীড়াসন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে ফ্ল্যাগ অফ কৰি শুভ উদ্বোধন কৰা চাইকেল ৰেলিত প্ৰায় ১০০জন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।
কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত ক্ৰীড়া তথা আন বিভাগৰ বিষয়া কৰ্মচাৰী সকল, জিলাখনৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক, খেলুৱৈ, ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট সমাজকৰ্মী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
