
ধুবুৰী, ২৭ ডিছেম্বৰ (হি.স.): ধুবুৰীৰ গোলকগঞ্জ থানাৰ পিছফালে দীৰ্ঘদিনৰ পৰা আমিনুৰ হক নামৰ লোকজনৰ নেতৃত্বত গংগাধৰ নদীত অবৈধ বালি খনন চলি থকাৰ অভিযোগ উঠিছে। অভিযোগ মতে গোলকগঞ্জ আৰক্ষী আৰু বন বিভাগৰ জ্ঞাতসাৰে চলিছে অবৈধ বালি খনন। এই বালি খনন সম্পৰ্কত ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।
উল্লেখ্য় যে পূৰ্বে দুবাৰকৈ বাতৰি প্ৰকাশৰ পিছত দুবাৰকৈ বন্ধ হৈছিল এই অবৈধ বালি খনন। কিন্তু সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অবৈধ বালি খনন। কালি বিয়লি সাংবাদিক সহিদুল হকে দলঙৰ পৰা ভিজুৱেল সংগ্ৰহ কৰি থকা অৱস্থাত ঘটনাস্থলীত উপস্থিত হয় আমিনুৰ আৰু মইনুলৰ নেতৃত্বত চাৰিজনীয়া বালি মাফিয়াৰ দ”ল। ভিডিঅ’ ডিলিট কৰাৰ ধমকি দি শাৰীৰিক ভাবে অপদস্থ কৰে। বাতৰি প্ৰচাৰ কৰিলে তেঁওক হত্যাৰো ভাবুকি দিয়ে। কালি আবেলি এই সন্দৰ্ভত স্থানীয় সাংবাদিক সকলৰ উপস্থিতিত সাংবাদিক সহিদুল হকে গোলকগঞ্জ থানাত আমিনুৰ আৰু মইনুলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
