
গুৱাহাটী, ২৫ জুলাই (হি.স.)। গুৱাহাটীৰ হাতীগাঁও আৰু পাঞ্জাবাৰীত গোৱালপাৰা আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে অভিযান চলায়। বৃহস্পতিবাৰে চলোৱা এই অভিযানত নাৰী দেহ ব্যৱসায়ী চক্রৰ পৰা ৬গৰাকী নাবালিকাসহ এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে। লগতে দেহ ব্যৱসায়ৰ সৈতে জড়িত দুগৰাকী নাৰীসহ এজন পুৰুষক আটক কৰা হয়।
উল্লেখ্য যে গুৱাহাটীৰ হাতীগাঁও আৰু পাঞ্জাবাৰীত নাৰী দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে গোৱালপাৰাৰ ধুপধৰা আৰক্ষীয়ে অভিযান চলাইছিল। এবছুৰ অভিযোগৰ ভিত্তিত ধুপধৰা আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযান নাৰী দেহ ব্যৱসায়ী চক্রৰ পৰা ৬গৰাকী নাবালিকাসহ এগৰাকী যুৱতীক উদ্ধাৰ কৰে। লগতে দেহ ব্যৱসায়ৰ সৈতে জড়িত দুগৰাকী নাৰীসহ এজন পুৰুষক আটক কৰা হৈছে। আৰক্ষীয়ে অভিযান চলাই নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
