কোকৰাঝাৰ, ১৬ ছেপ্টেম্বৰ (হি.স.): অহা ২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান জোৰদাৰ হৈ পৰিছে। কচুগাঁও পৰিষদীয় সমষ্টিত বিপিএফ দলৰ নিৰ্বাচনী সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি বিটিচিৰ ইউপিপিএলৰ চৰকাৰ খনক আজৱ চৰকাৰ আখ্যা দিয়ে।
বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে বিটিচিৰ চল্লিশটা সমষ্টিত বিপিএফৰ ঢৌ উঠিছে৷ বিগত নিৰ্বাচনত ৰাইজক মিথ্যা প্ৰতিশ্ৰুতি দি শাসনত বহা প্ৰমোদ বড়োৰ পাঁচ বছৰত কোনো উন্নয়ন নহ’ল৷ হাগ্ৰামা মহিলাৰীৰ দিনত ক্ষিপ্ৰতাৰে উন্নয়ন হ’ব ধৰিছিল৷ কিন্তু প্ৰমোদ বড়োৰ সময়ত ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা টকা ব্যৱহাৰ কৰিব নোৱাৰাত উন্নয়ন স্তব্ধ হৈ গ’ল৷ বিটিচিৰ শাসনত বহা পৰিষদীয় চৰকাৰৰ গাফিলতি আৰু অকৰ্মণ্যতাৰ কাৰণে উন্নয়ন স্তব্ধ হ’ল৷ সেয়ে বিটিচি এলেকাত ৰাইজে পুনৰ হাগ্ৰামাক শাসনত বহুৱাবলৈ সিদ্ধান্ত লৈছে৷ এই দৰে মন্তব্য আগবঢ়ায় বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে।
বিটিচি পৰিষদীয় নিৰ্বাচনত শাসকীয় দলৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰে কচুগাঁও পৰিষদীয় সমষ্টিত ৰণডংকা বজোৱা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয়, ইউপিপিএল দলৰ চৰকাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ আজৱ চৰকাৰ, যি চৰকাৰে চাকৰিৰ নামত বাছনি পৰীক্ষা পাতি একেদিনাই ফলাফল ঘোষণা আৰু সেইদিনাই নিযুক্তি পত্ৰ প্ৰদান কৰা ঘটনাক এটা আজৱ কাণ্ড বুলি আখ্যায়িত কৰে৷
গোসাঁইগাঁও মহকুমাৰ খলিচানীমাৰী ছোৱালী এম ই স্কুলত কালি সন্ধিয়া অনুষ্ঠিত কৰা নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক গৰাকীয়ে কয়, বিগত পাঁচ বছৰে কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে সমষ্টিৰ কোনো উন্নয়ন কৰা নাই, সেই গৰাকী ব্যক্তিক কিহৰ স্বাৰ্থত ভোট দিব বুলি প্ৰশ্ন উত্থাপন কৰি নিজৰ স্বাৰ্থৰ বাবে নহয়, ৰাইজৰ সমস্যা, ৰাইজৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থত কাম কৰা লোকক নিৰ্বাচন কৰিলেহে এলেকাৰ উন্নয়ন হ’ব বুলি মন্তব্য কৰে৷ ভাষণত বিধায়ক নাৰ্জাৰীয়ে কয়, কোচৰাজবংশী জনগোষ্ঠীৰ এছ টি কৰণত বিপিএফে ২০১৬ চনতে জনজাতিকৰণ কৰিবলৈ সমৰ্থন আগবঢ়াইছিল৷ কিন্তু ইউপিপিএল চৰকাৰে ইয়াৰ বিৰোধী৷
সভাত বিপিএফ দলে নিৰ্বাচনী ইস্তাহাৰত মহিলা সৱলীকৰণত প্ৰতিটো সমষ্টিত এক কোটি, আত্ম সহায়ক গোটক সমষ্টি ভিত্তিত এক কোটি, শিক্ষিত যুৱক যুৱতীক ব্যৱসায় বাণিজ্য কৰিবলৈ এককালীন অনুদান, জেষ্ঠ সকলৰ বাবে আঁচনি আদিৰ পাঁচটা গেৰাণ্টি দিয়াৰ বিষয়ে অৱগত কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
