যোৰহাট, ১৫ ডিচেম্বৰ (হি.স.)। যোৰহাটত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰী নহল এটা বছৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ যোৰহাটত অনুষ্ঠিত হোৱা মন্ত্ৰী সভাৰ কেবিনেট বৈঠকৰ আজি এটা বছৰ সম্পূৰ্ণ হব । উক্ত বৈঠকত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তৰ ভিতৰত অন্যতম এক সিদ্ধান্ত আছিল টীয়ক সমষ্টিৰ অন্তৰ্গত জাঁজীমুখৰ পাৰঘাটত এখন স্থায়ী দলং নিৰ্মাণৰ কৰাৰ । কিন্তু যোৱা এটা বছৰে কাৰ্যকৰী নহল দলং নিৰ্মাণৰ সিদ্ধান্ত ।
উল্লেখযোগ্য যে বানে বিধ্বস্ত কৰা জাঁজীমুখৰ জপং গাঁও, তিনিঘৰীয়া,বৰমথাউৰি, শগুনপাৰা,ওপৰ শগুনপাৰাকে ধৰি প্ৰায় ১০/১২ খন গাঁৱৰ ৰাইজে জাঁজীমুখৰ পাৰঘাটত নাঁওৰে ইপাৰ-সিপাৰ হব লগা হয় জাঁজীমুখৰ পাৰঘাট । এইবাৰ খৰালিত ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰি লৈছে । স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাছতো উক্ত পাৰঘাটত এখন স্থায়ী দলংৰ সপোন অঞ্চলটোৰ ৰাইজৰ সপোন হৈয়ে থাকিল । প্ৰতিটো নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতাই জাঁজীমুখৰ পাৰঘাটত স্থায়ী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পাছত প্ৰতিবাৰে এই প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায় । কিন্তু যোৱা বছৰৰ ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱা ৰাজ্যিক মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত জাঁজীমুখৰ পাৰঘাটত এখন স্থায়ী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
কিন্তু আজি কেবিনেট বৈঠক অনুস্থিত হোৱা এটা বছৰ সম্পূৰ্ণ হল যদিও দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ নহল । কেবিনেটত গ্ৰহণ কৰা এটা সিদ্ধান্ত এটা বছৰে কাৰ্যকৰী নোহোৱাত এতিয়া স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আগন্তুক লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলংৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ নকৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ষোভিত ৰাইজে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
