নগাঁও, ০৫ আগষ্ট (হি.স.)। কামপুৰ কচুৱা বিৰিঙাআটিত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এগৰাকী মহিলা আটক ৷ কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিৰিঙাআটিৰ প্ৰতিভা বিস্বাস নামৰ মহিলাগৰাকী বাসগৃহত অভিযান চলাই ৮০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
দীৰ্ঘদিন ধৰি নিজ গৃহতে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ধৃত মহিলাগৰাকীয়ে ৷ বৰ্তমান আৰক্ষী থানাৰ আলহী ধৃত মহিলা গৰাকী ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
