ভূক্তভোগীৰ থানাত এজাহাৰ দাখিল
বৰপেটা, ০৬ আগষ্ট (হি.স.): বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়। গাঁওখনৰ বাসিন্দা নছেৰ আলী, ছামচুদ্দোহা, ছাজাহান আলী, ছাহা আলম আৰু ছাহাদত আলীয়ে প্ৰায় চল্লিছ বছৰ ধৰি বসবাস কৰি থকা 49 লেচা মাটি গাওঁ খনৰ ছহিদুল ইছলাম নামৰ এজন ব্যক্তিয়ে জুলু মিঞাৰ পৰা ক্ৰয় কৰি লোৱা বুলি দাবী কৰি উক্ত মাটি ডৰা মঙ্গলবাৰ আবেলি গুণ্ডা বাহিনী লৈ আহি বেদখল কৰিবলৈ চেষ্টা কৰে। ছহিদুলৰ গুণ্ডা বাহিনীয়ে মাটি ডৰাত খুটা পুতিবলৈ লওঁতে নছেৰ আলীৰ পৰিয়ালে বাধা প্ৰদান কৰে যদিও বেদখল কৰিবলৈ অহা ছহিদুল ইছলামৰ পক্ষৰ গুণ্ডা বাহিনীৰ আক্ৰমণত আয়ছা খাতুন নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধ মহিলা গুৰুতৰভাৱে আহত হয়।
উল্লেখযোগ্য যে, ঘটনাস্থলীত বৰপেটা আৰু কলগাছিয়াৰ আৰক্ষী বাহিনী উপস্থিত থকা অৱস্থাতেই সংঘটিত হয় এই মাৰপিটৰ ঘটনা। ফলত আৰক্ষীৰ বিৰুদ্ধেও পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে ৰাইজে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
