ওদালগুৰি, ০৬ নৱেম্বৰ (হি.স.): ওদালগুৰি খৈৰাবাৰীত ৬৫ তম গুৰিহাটী ৰাস মহোৎসৱ আৰম্ভ হৈছে। যোৱা কালি বুধবাৰৰ সন্ধিয়াৰ পৰা ১২ দিনীয়া আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপিত হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ। সেৰেঙা উপস্থিতিৰে পাৰ হ’ল প্ৰথম দিন। জুবিন দাৰ শ্ৰদ্ধঞ্জলিৰ পৰা আৰম্ভ কৰি শতাধিক মৃণ্ময় মূৰ্তিৰে উপস্থাপন ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলা। নাই বৃহৎ জাকজমকতা শিথিলতাৰে মাজেৰে আধ্যাত্মিক ভাৱে পালন কৰিছে ৬৫ তম খৈৰাবাৰী গুৰিহাটী ৰাস মহোৎসৱ। মৃণ্ময় মূৰ্তিৰ সমান্তৰালে প্ৰতিদিনেই ৰাখিছে প্ৰাণৰ শিল্পী জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।সকলো ৰাইজক আহি শৃংখলা বদ্ধ ভাৱে ৰাস উপভোগ কৰাৰ আহ্বান জনায় উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
