গোলাঘাট, ০৫ জুলাই (হি.স.)। এজাক সৰু বৰষুণতে জলমগ্ন হৈ পৰে গোলাঘাট ৰে’ল ষ্টেচন ৷ ইয়াকে লৈ উত্তৰ পূৱ ৰেলৱেই গোলাঘাটক চৰম অৱহেলা কৰাৰো অভিযোগ উঠিছে ৷ গোলাঘাট চহৰক স্পৰ্শ কৰি যোৱা চহৰৰ এমুৰত স্থাপন কৰা হৈছিল ৰে’ল ষ্টেচনটো ৷ অতি গুৰুত্বপূৰ্ণ হোৱা স্বত্বেও এই ষ্টেচনৰ আন্তগাঠনি অতি নিম্নখাপৰ ৰাজ্যখনৰ আন ষ্টেচন সমূহত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষৰাখি অতি সুন্দৰকৈ নিৰ্মাণ কৰা হ’ল যদিও গোলাঘাট ৰে’ল ষ্টেচনৰ দৃশ্য অতি কদয্যময় ৷
প্লেটফমটো হাবি বননিৰে ঢ়াকি পৰাৰ লগতে যাত্ৰীৰ বহা ঠাই; শৌচাগাৰ আদি বছৰ বছৰ ধৰি চাফা নকৰাত পুৰ্তি দুগন্ধময় পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ নামফলক খনৰো আখৰৰ অস্তিত্ব নোহোৱা হ’ল ৷ এজাক কিনকিনীয়া বৰষুন দিলেই ৰে’লযাত্ৰী বৰষুণত তিতিব লগা হয় ৷ কাৰণ মূল ভৱনতোৰ টিঙৰ চালি ফুটি যোৱাত হোৰাহুৰে পানী পৰে ৷ ষ্টেচনলৈ অহাযোৱা কৰা একমাত্ৰ মূল পথটোত একাঠু পানীহোৱাত যাতায়ত স্থবিৰ হৈ পৰে ৷ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্যৰাখি ষ্টেচনটো পুণৰ নিৰ্মাণৰ আহ্বান জনাইছে ৰে’লযাত্ৰীয়ে ৷
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
