কামৰূপ, ২০ অক্টোবৰ (হি.স.): প্ৰিয় শিল্পী জুবিনবিহীন এটা মাহ পাৰ কৰিলে। জুবিন অবিহনে ৩০ টা দিন উকলি যোৱাৰ পাছত দেওবাৰ সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিক সমিতিৰ তৰপৰ পৰা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জুবিনৰ প্ৰতিচ্ছৱিৰ সন্মুখত জেড আকাৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাণৰ শিল্পী গৰাকীলৈ।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিবৰ্তন গোস্বামীয়ে অংশ গ্ৰহণ কৰে । লগতে মৰমৰ শিল্পী জুবিন প্ৰতি ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় উপ-সভাপতি গৰাকীয়ে, লগতে দোষিক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিবৰ্তন গোস্বামীয়ে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
