শিৱসাগৰ, ২৯ নৱেম্বৰ (হি.স.): শিৱসাগৰ শৰীৰ চৰ্চা সন্থাই ফুকনগৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া হৰকান্ত বৰগোঁহাইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰবীণ শৰীৰ চৰ্চাবিদ জয়ন্ত ৰাজকোঁৱৰে আঁতধৰা অনুষ্ঠানটোত প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, পুৰুষোত্তম কলিতা সহ বিভিন্ন জনে হৰকান্ত বৰগোঁহাইৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
অনুষ্ঠানত হৰকান্ত বৰগোঁহাইয়ে অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰখন আগুৱাই নিয়াত তৰুণ প্ৰজন্মক এই ক্ষেত্ৰখনত উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱা বুলি ব্যক্ত কৰে। মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈক শৰীৰ চৰ্চাত আগবাঢ়ি যোৱাত হৰকান্ত বৰগোঁহাইৰ অৱদান আছে বুলি সোঁৱৰে বিজিত গগৈয়ে।
উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীত দেহাৱসান হয় শিৱসাগৰ মেছাগড়ৰ সন্তান তথা সাতবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰা শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁইৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
