কামৰূপ,। ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ চোৰে উঠাই লৈ গ’ল দমকল। পুখুৰীত লুকাই থৈ দিয়া অৱস্থাত উদ্ধাৰ এটি দমকলৰ ওপৰ ভাগ। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ৰাইজৰ সহযোগত অতি তৎপৰতাৰে আটক কৰিবলৈ হয় বিৰাম নামৰ চোৰ এটাক।
সম্প্ৰতি ৰঙিয়া থানাত ঘটনাৰ সৈতে জড়িত আন কেইবাটাও চোৰৰ সন্ধানত জেৰা চলাই থকা হৈছে। ৰাইজৰ অভিযোগ একাংশ ভাড়াঘৰৰ মালিকে কেইটামান টকাৰ লোভত কোনো বিচাৰ নকৰাকৈ ৰেলযোগে অহা কিছু ব্যক্তিক ভাড়া দিয়ৰ ফলতেই অঞ্চলটোত দিনকদিনে বৃদ্ধি পাবলৈ লৈছে চোৰৰ উপদ্ৰৱ।
