নগাঁও, ২৪ মাৰ্চ : গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত পাচঁ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ দৌল যাত্ৰা মহোৎসৱ । আৱিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱভাগ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্য়ৱস্থা কৰা হৈছে । আজিৰ পৰা আৰম্ভ হোৱা দৌল মহোৎসৱ ভাগ ২৮মাৰ্চ বৃহস্পিতিবাৰে অন্ত পৰিব । ইতিমধ্যে দৌল মহোৎসৱৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ।
উল্লেখ্য় যে প্ৰায় ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব দৌল মহোৎসৱভাগত । অতিথি সকলক আদৰিবলৈ প্ৰস্তুত প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বটদ্রৱাবাসীয়ে । মহোৎসৱৰ আটাইকেইদিনেই নিশা প্ৰদৰ্শিত হব গুৰুজনাৰ অপুৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ লগতে সত্ৰীয়া নৃত্য অনুস্থান, হোলী গীত আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসুচী । মহোৎসৱভাগ সফল কৰি তুলিবলৈ ইতিমধ্যে নগাওঁ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে আৰক্ষী লোক সকল আহি তেওঁলোকৰ নিজ নিজ দায়িত্ব পালন কৰা দেখা গৈছে ৷
