কামৰূপ, ১১ ফেব্ৰুৱাৰী : ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ আজি তৃতীয় তথা অন্তিম দিন । আজি ৰাতিপুৱাৰ ভাগত ৯ বজাত ধৰ্মধজ্জা ওত্তোলন কৰা হয় । ধৰ্মধজ্জা ওত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ মুখ্য পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই, পদাধীকাৰ গৰাকীক সংগ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ।
১০ বজাত ভাগৱত শোভাযাত্ৰা আৰম্ভ হয় । ৰঙিয়া মজনজানা ভৈয়ৰা হাটীখলা পথাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়া হৈ ১৮ কিলোমিটাৰ যাত্ৰা কৰি আকৌ মৰনজানা ভৈয়ৰা হাটীখলা পথাৰত উপষ্ঠিত হৱ ।ভাগৱত শোভাযাত্ৰাত ময়ুৰ আসন প্ৰতিস্থা কৰি গুৰু আসন প্ৰতিস্থা কৰি শোভাযাত্ৰা আৰম্ভ হয়, অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱ আই বান্ধৱ সকলোৱে অংশগ্ৰহণ কৰে ।
