সংঘবদ্ধ ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সংকল্প ল”লে দুই দলে
ওদালগুৰি, ১১ ফেব্ৰুৱাৰী : আজি ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি আৰু ইউ পি পি এল দলৰ মাজত এখন যৌথ সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহন কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল , বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ,সাংসদ দিলীপ শইকীয়াকে ধৰি কেবাগৰাকীও বিধায়ক আৰু ই ম ,এম চি এল এ ।
এই সভাৰ জড়িয়তে দুই দলৰ কৰ্মী সকলে আগন্তুক লোক সভা নিৰ্বাচনত কেনে দৰে আগবাঢ়িব লাগিব তাৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা হয় । সভাত নিজৰ ভাষণৰ জড়িয়তে মন্ত্ৰী অশোক সিংঘালে বিপুল ভোটত বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থীত প্ৰাৰ্থী জয়ী হ”ব লাগিব বুলি মন্তব্য কৰে আৰু কৰ্মী সকলক শক্তিশালী হ”বলৈ পৰামৰ্শ দিয়ে। লগতে নিজৰ ভাষণত বিগত তিনিবছত বিটিচিত বহু উন্নয়ণ হৈছে আৰু কোকৰাঝাৰ আৰু দৰং ওদালগুৰি লোক সভা সমষ্টিত বিজেপি আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ী হ”ব বুলি মন্তব্য কৰে।
আনহাতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সাংসদ দিলীপ শইকীয়াই। কংগ্ৰেছ দলৰ এতিয়া যন্ত্ৰ নাই গতিকে একো ষড়যন্ত্ৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। কংগ্ৰেছত আৰু খহনীয়া হ”বলৈ কংগ্ৰেছৰ পাৰেই নাই গতিকে কʼৰ পৰা খহনীয়া হ”ব বুলি সমালোচনা কৰে। আজিৰ যৌথ সভাত ওদালগুৰি আৰু তামুলপুৰ জিলাৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে।
