নগাঁও, : নগাঁও লোকসভা সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী বেনাৰ হৰ্ডিং ফালি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। কালি নিশা আমিনুল ইছলামৰ বেনাৰ ফালি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বেনাৰ ফালি দিয়াক লৈ ৰূপহীহাট আৰক্ষী থানাত দলীয় কৰ্মী সমৰ্থকক লগত লৈ উপস্থিত ধিঙৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ এআইইউডিএফ প্ৰাৰ্থী আমিনুল ইছলাম। কংগ্ৰেছ দলৰ গুণ্ডা গিৰি বন্ধ কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, দাদা গিৰি বন্ধ কৰক আদি শ্লোগানেৰে উত্তপ্ত কৰি তোলে ৰূপহীহাট।
