কামৰূপ, গৰৈমাৰীত বন বিভাগৰ অভিযান। নগৰবেৰাৰ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰৰ নেতৃত্বত মহাবীৰ পথাৰত আজি অভিযান চলায় বন বিভাগৰ এটা দলে৷
এই অভিযানত বনবিভাগৰ দলটোৱে জব্দ কৰে দুই লক্ষাধিক টকাৰ ফলা কাঠ৷ নগৰবেৰাৰ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰে গোপন খবৰৰ ভিত্তিত আজি গৰৈমাৰীৰ মহাবীৰ পথাৰৰ ”ৰফিকুল টিম্বাৰ শ্বপ” নামৰ দোকানত অতৰ্কিতভাৱে চলায় অভিযান৷ অভিযানকালত দোকানখনত অবৈধভাৱে জমা ৰখা বহু পৰিমাণৰ শাল, মাকৰি শাল আদি ফলা কাঠ জব্দ কৰে৷জব্দকৃত ফলা কাঠখিনিৰ মূল্য দুই লক্ষাধিক টকা হ”ব৷জব্দ কৰা অবৈধ ফলা কাঠখিনি নগৰবেৰাৰ বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে৷
