–শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ প্ৰস্তুতি আৰম্ভ
গুৱাহাটী, ০২ ফেব্ৰুৱাৰী : বিষ্ণুতীৰ্থ শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয়ত তৃতীয় বাৰৰ বাবে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ১৫ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহাবিষ্ণু যজ্ঞ প্ৰাৰম্ভিক কাম হিচাপে আজি দেৱালয় খনৰ দলৈ তথা দেৱালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষেশ্বৰ শৰ্মা, উপ-দলৈ দিলীপ শৰ্মা, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, হেমন্ত কুমাৰ শৰ্মা আৰু অখিল ভট্টাচাৰ্য্যই দিনৰ ১১ বজাত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰে।
সাক্ষাৎ কালত সঁজাতি দলটিয়ে শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত চলি থকা নিৰ্মাণ কাৰ্যৰ বিষয়ে ৰাজ্যপাল গৰাকীক অৱগত কৰে। সাক্ষাৎকালত দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞত ৰাজ্যপাল গৰাকী উপস্থিত থকা আমন্ত্ৰণ গ্ৰহণ কৰি সন্মতি প্ৰদান কৰে। ইতিমধ্যে দেৱালত অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰিনিকি ভূঞা শৰ্মাক মুখ্য পৃষ্ঠপোষক, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীক সভাপতি আৰু দলৈ লক্ষেশ্বৰ শৰ্মাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী পৰিচালনা সমিতি গঠন কৰা হৈছে। বিষ্ণু মহাযজ্ঞত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়েও অংশগ্ৰহণ কৰিব বুলি দেৱালয় পৰিচালনা সমিতিৰ দলৈ লক্ষেশ্বৰ শৰ্মাই জনাইছে ।
অহা ১৫ মাৰ্চত ধৰ্ম ধ্বজা উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই মহাবিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতেই উলিওৱা হ’ব এক বিশাল ধৰ্মীয় শোভাযাত্ৰা । আয়তীৰ নাম কীৰ্তন, শঙ্খ, ঘন্টা ধ্বনিত তিনিও দিনে দেৱালয় এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰা লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্তৰ উপস্থিতিত অনুষ্ঠিত কৰা হ’ব ধৰ্মালোচনী সভা। ইফালে বৃক্ষ ৰোপণ কাৰ্যসূচী অনুসৰি অশ্বক্লান্ত দেৱালয়ত সমীন, অশোক, ৰুদ্ৰাক্ষ, চন্দন আৰু বটগছৰ পুলি ৰোপন কৰা হ’ব।প্ৰতিদিনেই ভক্তসকলক ভোগ বিতৰণ কৰা হ’ব।
মহাযজ্ঞত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ লগতে ভক্তসকলে অংশগ্ৰহণ কৰিব।মুঠ ৫১০০০ হাজাৰ আহুতিৰ অন্তত ১৭ মাৰ্চত পূৰ্ণাহুতিৰে তৃতীয় বাৰৰ বাবে আয়োজিত মহাযজ্ঞ সম্পন্ন হ’ব ।
