–স্কুল এডপচনকলৈ ৱেবচাইট মুকলি
কোকৰাঝাৰ, ০৯ ফেব্ৰুৱাৰী :বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুবাৰীলৈ বিটিআৰত আৰম্ভ হ’ব বড়োলেণ্ড স্কুল এড’পচন সপ্তাহ ৷ বিটিআৰ সচিবালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰী কৰিছে বিটিআাৰ শিক্ষা বিভাগৰ সচিৱ অমৰজ্যোতি বৰ্মণ আৰু শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্ৰহ্মই ৷
বিটিআৰৰ শিক্ষা বিভাগৰ দুই শীৰ্ষ বিষয়াই বিটিআৰত বিগত ২০২২ চনৰ ১৫ আগষ্টত স্কুল এড’পচনৰ কাম আৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰে আৰু এতিয়ালৈ ৭৯২ খন স্কুল এড’পচন কৰা হৈছে বুলি সদৰী কৰে ৷ সেই অনুসৰি বিটিআৰৰ শিক্ষা বিভাগে স্কুল এড’পচন সকলৰ যাৱতীয়া কাৰ্যক্ৰমণিকাৰ বুজ লোৱাৰ উদ্দেশ্যৰে অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ স্কুল এড’পচন সপ্তাহত দত্তকৰ মান্যতা নিৰূপণ কৰিব আৰু পইন্ট অনুপাতে মাণপত্ৰ প্ৰদান কৰা হ’ব ৷
উল্লেখ্য যে , বৃহস্পতিবাৰে বিটিআৰৰ শিক্ষা বিভাগে বিটিআৰত স্কুল এডপচনকলৈ এখন ৱেবচাইট মুকলি কৰে ৷ কাইলৈ অৰ্থাৎ ন ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু চিৰাঙত আৰু দহ ফেব্ৰুৱাৰীত বাগছা আৰু ওদালগুৰী জিলাত স্কুল এডপচনৰ এক সজাগতামুলক কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সদৰী কৰে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াদ্বয়ে ৷
