কাৰ্বিআংলং,। দেশত কা বলবত হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্য খনতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে ৷ মঙ্গলবাৰে পুৱা বকলীয়াঘাটত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তী দাহ কৰে ৷
প্ৰতিবাদী ছাত্ৰ সকলে বিজেপি গ‘ বেক, কা আমি নামানো, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ আদি শ্ল” গান দি সমগ্ৰ বকলীয়াঘাটৰ আকাশ বতাহ উত্তাল কৰি তুলে ৷ কা আইন উঠাই নললে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলা হব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ দিয়ে ৷
