বৰপেটা, ০৫ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰকাপলা গাঁৱত সংঘটিত হৈছে এক অপহৰণ কাণ্ড। বৰকাপলা গাঁৱৰ শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এজনীক অপহৰণ কৰি নিয়ে অচিনাকী দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ছাত্ৰীগৰাকী স্কুলৰ পৰা ঘৰলৈ যোৱাৰ পথত অপহৰণ কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।
ইফালে এটা বিশেষ মোবাইল নম্বৰৰ পৰা যোগাযোগ কৰিছে পৰিয়ালৰ সৈতে। সংখ্যালঘু সম্প্ৰদায়ৰ এজনী মহিলাই যোগাযোগ কৰিছিল পৰিয়ালৰ সৈতে। যিটো সময়ত সমগ্ৰ অসমতে বাল্য বিবাহ সম্পৰ্কে বিভিন্ন পঞ্চায়তৰ মাধ্যমেৰেই হওক বা বিভিন্ন দল সংগঠন, এন জি অ চৰকাৰী মাধ্যমৰ জৰিয়তেই সজাগতা সভা আদি পাতি ৰাইজৰ মাজত সজাগতা অনাৰ পিছতো, চৰকাৰৰ ফালৰ পৰা বাল্য বিবাহৰ ওপৰত ইমান কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো একাংশ দুষ্ট চক্ৰই এনেধৰণৰ দুষ্কাৰ্য কৰিয়েই আছে। বিভিন্ন দল সংগঠন সমুহৰ লগতে পৰিয়ালৰ লোকেও এনেধৰণৰ দুষ্কৃতিকাৰীক প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ প্ৰদান কৰাৰ দাবী জনাইছে। ঘটনাটোক লাভ জেহাদৰ ঘটনা বুলি অভিহিত কৰিছে স্থানীয় ৰাইজে।
