কামৰূপ, ১৭ ডিচেম্বৰ(হি.স.)। ৰঙিয়াৰ উদিয়ানাত আজি ভয়ংকৰ দূৰ্ঘটনা।কথমপি ৰক্ষা পৰিল বনভোজলৈ যোৱা যাত্ৰীবাহী বাছৰ শিশু মহিলা সহ বহু যাত্ৰী। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত একেটা দিশৰ পৰা অহা ডাম্পাৰ আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘটিত হয় দূৰ্ঘটনাটো।
পাঠশালাৰ পৰা বগামাটিলৈ গৈ থকা অৱস্থাত ৰঙিয়াৰ উদিয়ানাত দূৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন। ডাম্পাৰৰ ভুলৰ বাবে দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰে বাছখনৰ যাত্ৰীসকলে।কোনো ধৰণৰ চিগনেল নিদিয়াকৈ ডাম্পাৰখনে ইউটাৰ্ণ লোৱাত দূৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰে বাছখনৰ যাত্ৰীসকলে।এএছ০১জিচি ৭১৭৬ নম্বৰৰ ডাম্পাৰ আৰু এএছ১৫এচ৩৮৫৪ নম্বৰৰ আল্ট্ৰা বাছৰ মাজত সংঘটিত হয় ভয়ঙ্কৰ দূৰ্ঘটনাটো।দূৰ্ঘটনাটোত কেইবাগৰাকীও যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
