গুৱাহাটী, ২৬ অক্টোবৰ (হি.স.)। সদ্য প্ৰয়াত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ আৰু অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অহা ৩১ অক্টোবৰত মুক্তি পাব । ইতিমধ্যে ছবি খন মুক্তিৰ বাবে সাজু হৈ উঠিছে। জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। ইতিমধ্যে ছবিখনৰ টিকটৰ এডভাঞ্চ বুকিং আৰম্ভ হৈছে। শুকুৰবাৰৰ পৰা ছবিখনৰ অনলাইন টিকট বুকিং আৰম্ভ হোৱাৰ পিছতে সৃষ্টি হৈছে অভিলেখ। মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’ই সৃষ্টি কৰিছে অভিলেখ।
ইফালে নেচনেল ট্ৰেণ্ড লাভ কৰিছে জুবিন গাৰ্গৰ অন্তিমখন ছবি। দক্ষিণৰ জনপ্ৰিয় ছবি ‘কান্টাৰা’কো চেৰ পেলালে ‘ৰৈ ৰৈ বিনালে’ ছবিখনে । আনহাতে ছবিখনৰ মুক্তিৰ বাবে বৰ্তমান মুম্বাইত ব্যস্ত ‘ৰৈ ৰৈ বিনালে’ৰ টীম। ডি আই, মিউজিক, মিক্সাৰ আৰু বেক গ্ৰাউণ্ডৰ কাম সম্পন্ন হৈছে। ফাইনেল প্ৰিণ্টৰ বাবে মুম্বাইত ব্যস্ত হৈ আছে টিমটো। ৪ কোটি টকাৰ ব্যায় সাপেক্ষে নিৰ্মাণ হোৱা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটোৰ নাম ৰাউল। অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল, মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰিব ছবিখনে। তদুপৰি মুম্বাই, কলকাতা, পুনে, কেৰালা, হায়দৰাবাদতো মুক্তিৰ যো-জা চলি আছে। আনহাতে ১০খন দেশত ২৫ নৱেম্বৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
গুৱাহাটীৰ প্ৰায় সকলো ছবিগৃহত ৩১ অক্টোবৰৰ পৰা চলিব কেৱল ‘ৰৈ ৰৈ বিনালে’। গুৱাহাটীত চিনেপলিচে ১৯টা, পিভিআৰ চিটী চেণ্টাৰ আৰু ইনোক্স (আউৰাছ (Inox–Aurus)য়ে ১৬টাকৈ, মেট্ৰিক্স চিনেমা (Matrix Cinema)ই ১২টা, গ্ৰেণ্ড ৰয়েল চিনে (Grand Royal Cines)য়ে ১১টা দৰ্শনী দিছে ‘ৰৈ ৰৈ বিনালে’ক। বাকী হলসমূহতো সমগ্ৰ দিনটো চলিব কেৱল জুবিন সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত বিগত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
