নগাঁও, ০১ জানুৱাৰী (হি.স.): কলিয়াবৰ সমজিলাৰ অধীনৰ পাঁচখন আৰক্ষী থানা আৰু ইয়াৰ অধীনৰ বাগৰি, মিছা, শিলঘাট, শিৱস্থান, কাৱৈমাৰী আৰু চুলুং আৰক্ষী তহলদাৰী চকী এলেকাত ২০২৫ বৰ্ষত সংঘটিত হৈছে সৰ্বমুঠ ১৪২ টা পথ দুৰ্ঘটনা। ১৪২ টা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ৬৩ গৰাকী। আৰু আহত হৈছে ১৩৮ গৰাকী লোক।
উল্লেখ্য় যে ২০২৫ বৰ্ষত জখলাবন্ধা আৰক্ষী থানা এলেকাত সংঘটিত ৩৫ টা পথ দূৰ্ঘটনাত ১২ জনৰ প্ৰাণহানি হোৱাৰ বিপৰীতে আহত হৈছে ৫৫ গৰাকী লোক। উলুৱনী আৰক্ষী থানা এলেকাত সংঘটিত ২৭ টা পথ দূৰ্ঘটনাত ১৩ জন, চামগুৰি আৰক্ষী থানা এলেকাত সংঘটিত ৩০ টা পথ দূৰ্ঘটনাত ১২ জন আৰু কলিয়াবৰ আৰক্ষী থানা এলেকাত সংঘটিত ৩৩ টা পথ দূৰ্ঘটনাত ১৮ জনৰ মৃত্যু হৈছে। জখলাবন্ধা, উলুৱনী, কলিয়াবৰ, চামগুৰি আৰু ৰূপহীহাট আৰক্ষী থানা এলেকাত ২০২৫ বৰ্ষত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা ২০২৪ বৰ্ষৰ তুলনাত দহ শতাংশলৈ হ্ৰাস পাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
