• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন মুখ্যমন্ত্ৰীৰ
Regional

হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন মুখ্যমন্ত্ৰীৰ

CliQ INDIA
Last updated: September 3, 2025 1:12 pm
CliQ INDIA
Share
4 Min Read
SHARE

-“গুণগত আৰু প্ৰাসংগিক শিক্ষাই আমাৰ সমাজখনক আগুৱাই লৈ যাব”: মুখ্যমন্ত্ৰী

হোজাই, ০২ ছেপ্টেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছ উদ্বোধন কৰে। ৫৫.৫ কোটি টকা ব্যয়েৰে ৮২ বিঘা মাটিত নিৰ্মিত এই নতুন কেম্পাছত আছে একাডেমিক ব্লক, এটা প্ৰশাসনিক ভৱন আৰু উপাচাৰ্যৰ কাৰ্যালয়। বিশ্ববিদ্যালয়খন আৰম্ভ হোৱা পুৰণি হোজাই কলেজৰ পৰা ফাৰ্মাচী আৰু অন্যান্য বিজ্ঞান অনুষদৰ দৰে বিভাগসমূহ নতুন কেম্পাছলৈ স্থানান্তৰিত হৈছে।

এই উপলক্ষে সভাত ভাষণ দি ড০ শৰ্মাই কয় যে এই উদ্বোধনী অনুষ্ঠানে ২০১৯ চনত ৩৫০০ ছাত্ৰ-ছাত্ৰী আৰু ৩৫টা শৈক্ষিক কাৰ্যসূচীৰে কাৰ্যক্ষমতা আৰম্ভ কৰা বিশ্ববিদ্যালয়খনৰ বাবে এক নতুন যুগ হিচাপে পৰিগণিত হৈছে। ২০১৬ চনত হোজাইত বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি স্মৰণ কৰি তেওঁ ইমান কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠানখন এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ গঢ় লৈ উঠাত সন্তুষ্টি প্ৰকাশ কৰে।

মুখ্যমন্ত্রীয়ে নতুন কেম্পাছৰ অধিক উন্নয়নৰ বাবে অতিৰিক্ত ৫০ কোটি টকাৰ কথা ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ লিংক ৰোড নিৰ্মাণ সুনিশ্চিত কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ লগতে জনাইছে যে হোজাইত থকা আই টি আই বিশ্ববিদ্যালয়খনক গতাই দিয়া হৈছে, যাৰ ফলত ই ফলস্বৰূপে ইয়াৰ তৃতীয় চৌহদ হিচাপে পৰিগণিত হৈছে।

ড০ শৰ্মাই কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, অৰ্ধপৰিবাহী আৰু বৰ্ধিত বাস্তৱৰ দৰে নতুন প্ৰযুক্তিৰ সৈতে খোজ মিলাবলৈ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভৱিষ্যতে এই উদ্ভাৱনসমূহৰ বিষয়ে অজ্ঞাতসকল প্ৰকৃত অৰ্থত নিৰক্ষৰ হৈ থাকিব বুলিও তেওঁ কয়। তেওঁ বাণিজ্য, ষ্টক এক্সচেঞ্জ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ পাঠ্যক্ৰমৰ ক্ৰমবৰ্ধমান চাহিদাৰ ওপৰতো আলোকপাত কৰে।

মুখ্যমন্ত্রীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰত আজি ষ্টাৰ্ট-আপ আৰু ইউনিকৰ্ণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ আৰু অসম বিশ্ববিদ্যালয়সমূহে ৰাজ্যখনক প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ উদ্যোগীকৰণ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰা উচিত। তেওঁ লগতে কয় যে উদ্যোগীকৰণ, আধুনিক শিক্ষা আৰু সাংস্কৃতিক মূল্যবোধৰ সঠিক মিশ্ৰণেৰে অসম ভাৰতৰ এখন আগশাৰীৰ ৰাজ্য হ’ব পাৰে।

এডভান্টেজ আছাম ২.০ সন্মিলনৰ সফলতাৰ ওপৰত আলোকপাত কৰি ড০ শৰ্মাই কয় যে ৰাজ্যখনে ইতিমধ্যে ১.৪০ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিছে। জাগীৰোডত অৰ্ধপৰিবাহী প্লাণ্ট, ধুবুৰীত ৩২০০ মেগাৱাট শক্তিৰ তাপ শক্তি প্ৰকল্প, গুৱাহাটীৰ চিকিৎসালয় আৰু হোটেল সংযুক্ত কৰি চিকিৎসা পৰ্যটনৰ সুবিধা আৰু নুমলীগড়ত বাঁহ ভিত্তিক ইথানলৰ দৰে প্ৰকল্পও আৰম্ভ কৰা হৈছে। এই উদীয়মান উদ্যোগসমূহত চাকৰি ল’বলৈ অসমীয়া যুৱক-যুৱতীসকল সাজু হ’ব লাগে বুলিও তেওঁ কয়।

মুখ্যমন্ত্রীয়ে লগতে জনাইছে যে জাপানে অসমৰ পৰা ৫০ হাজাৰ দক্ষ যুৱকক নিযুক্তি দিবলৈ আগ্ৰহী হোৱাৰ বিপৰীতে ছিংগাপুৰেও আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জাপানী বা ইংৰাজী শিকি এনে সুযোগৰ সুবিধা ল’বলৈ উৎসাহিত কৰিছিল।

শিক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি ড০ শৰ্মাই কয় যে নিজুত মইনাৰ দৰে পদক্ষেপে বাল্যবিবাহ ৰোধ কৰাৰ লগতে বিদ্যালয় ত্যাগ হ্ৰাস কৰাত সহায় কৰিছে। তেওঁ আঙুলিয়াই দিয়ে যে অসমত এতিয়া আই আই টি, এইমছ আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় আছে আৰু অতি সোনকালে আই আই এম হ’ব। তেওঁ জোৰ দি কয় যে শিক্ষা কেৱল সংখ্যাতে নহয়, গুণগত মানৰ ক্ষেত্ৰতো সম্প্ৰসাৰিত হ’ব লাগে।

এই উপলক্ষে শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু কৃপানাথ মল্লাহ, বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মনাবেন্দ্ৰ দত্ত চৌধুৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ

You Might Also Like

এতিয়া পৱন সিং ঘাটোৱাৰৰ কথামতে চাহ জনগোষ্ঠী লোক নচলেঃবিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত
শিৱসাগৰত পৌৰসভাৰ চাফাই কৰ্মীক প্ৰহাৰ
ৰৈ ৰৈ বিনালে চাবলৈ কাৰ্য্যকৰ্তাসহ সপত্নীক কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা
ৰঙিয়াত ভাগৱত শোভাযাত্ৰা
মুকালমুৱাৰ লোহাৰকাঠাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসৰ পৃষ্ঠাত ০৪ ছেপ্টেম্বৰ : চি ৰাজগোপালাচাৰী স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল
Next Article ত্ৰিকোণীয় টি-২০ শৃংখলাঃ আফগানিস্তানৰ পাকিস্তানক ১৮ ৰাণত পৰাজিত, ইব্ৰাহিম, অটলৰ অৰ্ধশতক অৰ্জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?