হোজাই, ১৯ নৱেম্বৰ (হি.স.): হোজাইত যোৱা কালি মঙ্গলবাৰে বিয়লি ১১ বছৰীয়া নাবালিকাক অপকৰ্ম কৰি আৰক্ষীৰ জালত পৰে মৌলবী এজন।হোজাই নিলবাগানৰ দক্ষিণ আশী নগৰৰ মাদ্ৰাছাৰ এগৰাকী নাবালিকাক ফুচলাই আলি আহমেদ নামৰ মৌলবীটোৱে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপিত হৈছে।
বিষয় সন্দৰ্ভত হোজাই আৰক্ষী থানাত এজেহাৰ দাখিল কৰে নাবালিকা গৰাকীৰ পিতৃয়ে। পিতৃৰ এজেহাৰ ভিত্তিত নাবালিকা গৰাকীৰ ভাষ্য সংগ্ৰহ কৰি হোজাই আৰক্ষী এটা দল মৌলবীগৰাকীৰ বাসগৃহত উপস্থিত হৈ কৰায়ত্ত কৰি পস্কো তথা ভাৰতীয় দণ্ডবিধিৰ ৩৪০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আলি আহমেদ নামৰ মৌলবীটোক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ মহামান্য আদালতলৈ প্ৰেৰণ কৰে ধৃত আলি আহমেদ নামৰ মৌলবীটোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
