হাইলাকান্দি, ২৫ নৱেম্বৰ (হি.স.): হাইলাকান্দিত যোৱাকালি সন্ধিয়া এআইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ উপস্থিতিত কাজিয়াৰ সৃষ্টি হয় । এগৰাকী যুৱকে আজমলক প্ৰশ্ন কৰাৰ বাবে উপৰ্যুপৰি প্ৰহাৰ কৰেএআইইউডিএফ কৰ্মীয়ে ।
হাতে হাতে চকি লৈ দুই ফৈদৰ কাজিয়া লাগে। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা এআইইউডিএফৰ সভাত । উল্লেখ্য়, আজি হাইলাকান্দি জিলাৰ আমালা গাঁৱত আয়োজিত এআইইউডিএফৰ এক কৰ্মীসভাত এই ঘটনা সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
