
গোলাঘাট, ২৪ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ সৰুপথাৰত ছাগলী চোৰৰ সন্ত্ৰাস বিৰাজ কৰিছে । দিন দুপৰতে চোৰে ৰাজপথৰ পৰা চোৰ কৰিলে ছাগলী । অ’টৰিক্সাত যোৱাকালি বিয়লি চোৰে লৈ আহিছিল প্ৰায় ৭ টাকৈ ছাগলী । বৰপথাৰ-জামুগুৰি সংযোগী পথত অ’টৰিক্সাত চোৰে ছাগলী লৈ উধাও হৈছিল বৰপথাৰৰ অভিমূখে । ছাগলী চোৰক পাছে পাছে দেখি গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হয় তামুলীগাঁওৰ এজন যুৱক ।
চোৰক পাছে পাছে খেদা যুৱকক চোৰে গুৰিয়াই দিয়াৰ ফলত গুৰুত্বৰ ভাৱে আঘাতপ্রাপ্ত হয় যুৱকজন। ৰাইজে চোৰক গাড়ীৰ পাছে পাছে খেদি যোৱা দেখি অ’টৰ পৰা চোৰে বাটত পেলাই থৈ যায় ৫ টা কৈ ছাগলী । অ’টৰিক্সাত আহিছিল ৪ জন চোৰ । চোৰে ছাগলী কঢ়িয়াই অনা অ’ট গাড়ী খনৰ নম্বৰ এএছ ০৫ এচি ৭৩৮৯ বুলি জানিব পৰা গৈছে। আনহাতে ৫টা কৈ ছাগলী চলন্ত গাড়ীৰ পৰা ৰাজপথত দলিয়াই দি সৰুপথাৰ অভিমুখে পলায়ন ছাগলী চোৰৰ দলটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
