

গুৱাহাটী, ০২ আগষ্ট (হি.স.)। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলডজাৰ। পুৱাৰে পৰা বিশাল বাহিনী লৈ বন বিভাগ আৰু ডিমৰীয়া সমজিলা প্ৰশাসনে এফালৰ পৰা ভাঙি গ’ল অবৈধভাৱে নিৰ্মাণ কৰা ৰিজ’ৰ্ট। এইবাৰ সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত শেনচকু বনিয়াৰ।
ডিমৰীয়া সমজিলাৰ অধীনস্থ কমাৰকুছিৰ মৰকদোলা সংৰক্ষিত বনাঞ্চলত প্ৰায় ২০ বিঘা ভূমি সামৰি গঢ়ি তোলা হৈছে ৰিজ’ৰ্ট। অৰূপ কুমাৰ দাস নামৰ লোকজনে অবৈধভাৱে সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ বন কাটি পাহাৰ খননেৰে আৰম্ভ কৰিছে ৰিজ’ৰ্টৰ নিৰ্মাণকাৰ্য।
বিগত প্ৰায় এবছৰ ধৰি অতি গোপনে কমাৰকুছিৰ এই সংৰক্ষিত ভূমিত চলাই গৈছে নিৰ্মাণকাৰ্য। এই স্থানতে আজি চলিল প্ৰশাসনৰ বুলডজাৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
