

গুৱাহাটী, ১০ (হি.স)। সোণাপুৰত ইষ্ট আপ্ৰীকোলা চ’চাইল কনচাৰ্ণ কমিটিয়ে বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। ইফালে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষীৰ লোকে।
উল্লেখ্য যে প্ৰস্তাবিত পূব আম্প্ৰিকোলা, হঁহৰা আৰু গাৰোৱানীৰ প্ৰায় ২০ হাজাৰ হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চল হিচাপে ৰূপান্তৰিত কৰাৰ বিৰোধিতাৰে উলিয়াইছিল এই জোঁৰ সমদল। কেইবাশতাধিক লোকে হাতে হাতে জোঁৰ লৈ চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে সোণাপুৰৰ আকাশ বতাহ। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এই সিদ্ধান্ত কোনো প্ৰকাৰে মানি নলয় বুলি প্ৰদান কৰে হুংকাৰ। শীঘ্ৰেই চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ
