মানকাচৰ, ২৭ ডিছেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ সুখচৰৰত পাঞ্জাৱ নেচনেল গ্ৰহক সেৱা কেন্দ্ৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই দৃশ্য বন্দী হৈছে কেমেৰাত। দিন দুপৰতে সুখচৰ থানা এলেকাৰ ফাত্তাপাৰাস্থিত গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড।টকাৰ বাকচ ভাঙি গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা চোৰে লুটি নিলে ৪০ হেজাৰ টকা।
মঙলবাৰে আবেলি প্ৰায় ৪ বজাত এজন আজ্ঞত লোকে কেন্দ্ৰটোত প্ৰৱেশ কৰি চিচি কেমেৰা ভাঙি চলায় এই চুৰি কাণ্ড। উক্ত ঘটনাক কেন্দ্ৰ কৰি সুখচৰ আৰক্ষীয়ে কেন্দ্ৰটোত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
