ধুবুৰী, ১৪ জুলাই (হি.স.): ধুবুৰী জিলাৰ সাপটগ্ৰামত যোৱাকালি দেওবাৰে বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। সাপটগ্ৰাম ৰাঙ্গাপানীৰ দ্বিতীয় খণ্ডৰ নসকা নদীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহ উদ্ধাৰৰ খবৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
হালধীয়া পাঞ্জাৱী আৰু হালফ পেণ্ট পৰিহিত অৱস্থাত থকা মৃতদেহটো কোনে পেলাই থৈ যায় তাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৫৭ বছৰ বুলি অনুমান কৰা হৈছে।স্থানীয় লোকে মৃতদেহটো পানীত উপঙি থকা অৱস্থাত দেখে আৰু তাৰ পাছতে আৰক্ষীক খবৰ দিয়ে।খবৰ পোৱাৰ লগে লগে সাপটগ্ৰাম থানাৰ আৰক্ষী আৰু বিলাসীপাৰাৰ চাৰ্কল ইন্সপেক্টৰ (চিআই) ঘটনাস্থলীত উপস্থিত হয়। মাছমৰীয়াই মৃতদেহটো সৰ্বপ্ৰথমে দেখে আৰু স্থানীয় লোকক খবৰ দিয়ে।
মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়।এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
