



শোণিতপুৰ, ২৮ জুলাই (হি.স.)। বিভিন্ন জল্পনা কল্পনাৰ অন্তপেলাই আজি শোণিতপুৰ জিলাপৰিষদৰ সদস্য সদস্যা সকলৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়৷ উল্লেখযোগ্য যে, শোণিতপুৰ জিলা পৰিষদৰ সভাপতি পদৰ একাধিক প্ৰত্যাশীৰ ভিতৰত এজনকো সভাপতি বা উপসভাপতি পদৰ বাবে বিজেপি দলে মনোনিত নকৰি ৰঙাপৰাৰ মানশিৰি জিলা পৰিষদৰ সদস্যা মনীষা উপাধ্যায়ক সভানেত্ৰী আৰু নদুৱাৰৰ নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাক উপ সভাপতি হিচাপে সৰ্বসন্মতভাৱে মনোনিত কৰা হয় ৷
উল্লেখযোগ্য যে, আজি দিনৰ ১১বজাত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে তেজপুৰৰ আৱৰ্ত ভৱনত জিলা পৰিষদৰ সদস্যসকলক লৈ এক বৈঠক অনুষ্ঠিত হয় ৷ ইয়াতে কালি গুৱাহাটীত শোণিতপুৰ জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতি পদৰ বাবে দলীয় নেতৃত্বই উপাধ্যায় আৰু বৰুৱাৰ নাম মনোনিত কৰাৰ বিষয়ে সদস্যসকলক অৱগত কৰাৰ পাছতে আনসকল দাবীদাৰৰ মুখ বন্ধ হৈ পৰে৷পৰৱৰ্তী সময়ত সভাপতি পদৰ বাবে বিকি তাঁতীয়ে উপাধ্যায়ৰ নাম আৰু দুলুমণি বৰা দাসে বৰুৱাৰ নাম প্ৰস্তাৱ কৰে আৰু সৰ্বসন্মতভাৱে এই প্ৰস্তাৱ গৃহিত হয়৷
উল্লেখযোগ্য যে, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰলৈ ৰঙাপৰা বিধান সভা সমষ্টিৰ এক জিলা পৰিষদৰ এগৰাকী সদস্য মনোনিত হয়৷ উল্লেখযোগ্য যে, তেজপুৰস্থিত জিলাপৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত আয়ুক্ত আনন্দ দাসে জিলাখনৰ ২০জন জিলাপৰিষদৰ সদস্য সদস্যাক শপতবাক্য পাঠ কৰায় ৷ শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী কৰণে উদ্দেশ্য ব্যাখ্যা কৰা এই শপতগ্ৰহণ অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু ৰঙাপৰাৰ বিধায়ক কৃঞ্চকমল তাঁতী, এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা উপস্থিত থাকি জিলা পৰিষদৰ মনোনিত সভানেত্ৰী আৰু উপসভাপতিৰ লগতে সকলো জিলা পৰিষদৰ সদস্যা সদস্যালৈ শুভেচ্ছা জ্ঞাপন কৰি এতিয়াৰ পৰা তেওঁলোকৰ দায়িত্ব ৰাইজৰ প্ৰতি অধিক বৃদ্ধি পোৱাৰ লগতে দুৰ্নীতিমুক্ত ভাবে সকলো কামকাজ পৰিচালনা কৰিবলৈ আহ্বান জনায়৷
প্ৰণিধানযোগ্য যে, বিজেপিৰ ১৮জন আৰু অগপৰ দুজন সদস্যসহ মুঠ ২০জন জিলা পৰিষদৰ সদস্য সদস্যাৰে গঠিত শোণিতপুৰ জিলা পৰিষদৰ মুঠ ১১ গৰাকীয়েই মহিলা সদস্যা ৷ আনহাতে শোণিতপুৰ জিলা পৰিষদৰ মনোনিত সভানেত্ৰী মনীষা উপাধ্যায়ে ৰাইজ, সকলো সতীৰ্থ আৰু দলীয় নেতৃত্বৰ উপদেশ মৰ্মে তথা সহযোগিতাৰে জিলা পৰিষদৰ আগন্তুক কামকাজ চলাই নিব বুলি মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
