শিৱসাগৰ, ২৩ নৱেম্বৰ (হি.স.): শিৱসাগৰৰ গোহাইচুকত যোৱা কালি শনিবাৰে নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ গোহাইচুকৰ নিবাসী অৰুণ বুঢ়াগোহাইৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ড ৷
পৰিয়ালটোৱে বজাৰ কৰিবলৈ যোৱাৰ সময়তেই সংঘটিত এই অগ্নিকাণ্ড ৷ ইফালে ঘটনাৰ খবৰ পাই উপস্থিত হোৱা ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী আৰু অ এন জি চিৰ অগ্নিনিৰ্বাপক বাহিনীয়ে যৌথ ভাৱে নিয়ন্ত্ৰণ কৰে জুই৷ ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও থাপনাৰ চাকিৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
