কাছাৰ, ৩০ ছেপ্টেম্বৰ (হি.স.)। মহা সপ্তমীৰ নিশা শিলচৰৰ বিভিন্ন পুজা মণ্ডপত দৰ্শকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। বিশেষকৈ বিগ বাজেটৰ পুজা সমূহত লোকে লোকাৰণ্য হৈ পৰে।
শিলচৰৰ আপনজন পুজা কমিটীয়ে আয়োজন কৰা পুজা খন চাবলৈ নিশাৰ ভাগত যথেষ্ট দৰ্শকৰ ভিৰ হয়। দৰ্শক সকলক প্ৰতি বছৰ নতুনত্ব দি অহা আপনজন পুজা কমিটীয়ে এইবাৰ ৰাজস্থানৰ যোঠপুৰৰ সুবিশাল ৰাজপ্ৰাসাদৰ আৰ্হিত নিৰ্মাণ কৰা পুজা মণ্ডপ আৰু স্বৰ্ণালংকাৰ খোদিত বিভিন্ন সামগ্ৰীৰে নিৰ্মাণ কৰা প্ৰতিমা চাবলৈ দৰ্শক সকলে ভিৰ কৰা পৰিলক্ষিত হয়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
