
ধুবুৰী, ২৫ জুন (হি.স.): অসমৰ ৰাইজৰ হিতৰ বাবে স্থাপন হ’বলগীয়া তাপ বিদ্যুৎ প্ৰকল্পৰ ভুমি পৰ্যবেক্ষন কৰিবলৈ শালকোচাৰ চৰুৱাবাখৰাত যোৱা কালি মঙলবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মা। তেওঁ কয় যে এই প্ৰকল্পৰ যোগেদি বিলাসীপাৰা সম জিলাৰ উন্নয়ন সাধন হ’ব । বহু পৰিমানে নিবনুৱাই ইয়াত সংস্থাপন পাব।
হেলিকপ্টাৰ যোগে আহি মুখ্যমন্ত্ৰী গৰাকীয়ে শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অৱতৰণ কৰে । ইয়াৰ পিছতে প্ৰকল্প নিৰ্মাণ হ’বলগীয়া চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লখ্য যে, বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ যোৱা ২২ এপ্ৰিল চৰুৱাবাখৰাত উপস্থিতিত হৈছিল আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানী সহ এটি বিশেষ দল।
সৌৰ শক্তি প্ৰকল্পৰ বাবে চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত ভূমি পৰ্যবেক্ষণ কৰিছিল। উক্ত অঞ্চলত ৩ হাজাৰ ৫০০ বিঘা ভূমিৰ লগতে আৰু ৫০০ বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্পটো স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপে। আদানী গ্ৰুপৰ বিশাল প্ৰকল্পটো স্থাপনৰ সকলো দিশ সামৰি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই আগমণ। নামনি অসমৰ ৰাইজে এই বিশাল প্ৰকল্পৰ জৰিয়তে উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
