নগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ধিং বিধানসভা সমষ্টিৰ ৭ নং লেৰুৱামুখ এম ই এমৰ (দক্ষিণ) ভোট কেন্দ্ৰটিৰ বি এল অ হাছনাৰা বেগমৰ সলনি প্ৰধান শিক্ষক ফজলুল কৰিমক নিযুক্তি দিবলৈ ভোটাৰ ৰাইজে নিৰ্বাচন বিষয়াক দাবী জনাইছে। লেৰুৱামুখ গাঁৱৰ ভোটাৰ নোহোৱা হাছনাৰা বেগমক বি এল অ হিচাপে নিযুক্তি দিয়াটো স্হানীয় ভোটাৰ ৰাইজে মানি লব খোজা নাই।
হাছনাৰা বেগমৰ ঘৰ তাতিকাটা গাঁৱত থকাৰ বাবে লেৰুৱামুখ গাঁৱৰ সকলো ভোটাৰ ৰাইজক চিনি নোপোৱাতো স্বাভাৱিক। ইফালে হাছনাৰা বেগমে ভোট কেন্দ্ৰটিৰ পৰা প্ৰায় ৫ কি:মি দুৰত্বত অৱস্থিত মৈৰাবাৰী বজাৰত বসবাস কৰে। ৭ নং লেৰুৱামুখ এম ই এম (দক্ষিণ) ভোট কেন্দ্ৰটিৰ বি এল অ হাছনাৰা বেগমক সলনি কৰি লেৰুৱামুখ এম ই এমৰ প্ৰধান শিক্ষক ফজলুল কৰিমক বি এল অ হিচাপে নিযুক্তি দিবলৈ গাওঁ খনৰ অৰ্ধ শতাধিক ভোটাৰ ৰাইজে বিভিন্ন শ্লোগান দি আজি প্ৰতিবাদৰ সাব্যস্ত কৰে। ইফালে ৰাইজে লেৰুৱামুখ গাঁৱত এগৰাকী স্হানীয় লোকক বি এল অ অৰ্থাৎ ভোট পৰ্যায়ৰ বিষয়া হিচাপে নিযুক্তি দিবলৈ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
