গোলাঘাট, ২৯ আগষ্ট (হি.স.): মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত ঝাৰখণ্ডৰ পৰা উদ্ধাৰ কৰা হৈছে লাভ জেহাদৰ বলি হোৱা সৰুপথাৰ অসম-নগালেণ্ড সীমান্তৰ এগৰাকী যুৱতী । লাভ জেহাদৰ বলি হোৱা যুৱতী গৰাকী অসম-নগালেণ্ড সীমান্তৰ ডিমৰুজান গাঁৱৰ ৰশ্মি মেচ বুলি জনা গৈছে।
উল্লেখ্য যে ইনষ্ট্ৰাগ্ৰামত চিনাকী হৈ মিছা প্ৰলোভনেৰে ঝাৰখণ্ডৰ আহমেদ আজাৱে বিয়া কৰাইছিল ৰশ্মিক । ২০২৪ চনৰ জানুৱাৰী মাহতে আহমেদ আজাৱে মিছা প্ৰলোভনেৰে পলোৱাই নিয়া ৰশ্মি বৰ্তমান এটা সন্তানৰ মাতৃ । পূৰ্বে বিবাহিত আৰু দুটি সন্তানৰ পিতৃ আহমেদ আজাৱে নিজকে অবিবাহিত আৰু হিন্দু সম্প্রদায়ৰ বুলি চিনাকী দিছিল ৰশ্মিক । স্বামীগৃহৰ পৰিয়ালৰ শাৰীৰিক আৰু মানসিক নির্যাতনত অতিষ্ঠ হৈ ঝাৰখণ্ডৰ আৰক্ষীৰ কাষ চাপে ৰশ্মি ।
মুখ্যমন্ত্রীৰ হস্তক্ষেপত গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়ে ৰশ্মিক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
