যোৰহাট, ২৬ অক্টোবৰ (হি.স.): যোৰহাট জিলাৰ লিচুবাৰীত সংঘটিত হৈছে এক অঘটন। গাড়ীৰ পৰা চোৰে নিলে প্ৰায় ১৩ লাখ টকাৰ গহণা তথা লক্ষাধিক নগত ধন।
যোৰহাটৰ এম ই এছ গেটৰ সন্মুখত থকা বিখ্যাত বৰদলৈ জুৱেলাৰীৰ স্বত্বাধিকাৰ ৰজত বৰদলৈয়ে যোৱা কালি শনিবাৰে নিশা দোকান বন্ধ কৰি ঘৰলৈ যোৱা সময়ত লিচুবাৰীত গাড়ী ৰখাই বজাৰ কৰিছিল। তেওঁৰ গাড়ীত আছিল বিয়াৰ অলংকাৰ আৰু সোণ ( মূল্য প্ৰায় ১৩ লাখ, নগত প্ৰায় ডেৰ লাখ ) । লোকজনে গাড়ীৰ গ্লাছ বন্ধ কৰিু দৰ্জা খুলি থকাৰ সময়তে এজন যুৱকে নিমিষতে লৈ দৰ্জা খুলি লৈ গল ৰঙা ৰঙৰ বেগটো। ইফালে চি চি কেমেৰাত বন্দী হৈ ৰৈছে সমগ্ৰ দৃশ্য। যুৱক জনৰ চুলি কিছু দীঘল। এই সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
