
মৰিগাঁও, ২৭ জুন (হি.স.): মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ এগৰাকী যুৱক ধিং বজাৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।
জানিব পৰা মতে, শিলপুখুৰী নিবাসী আব্দুল মালেকৰ পুত্ৰ ৰাহুল আমিন (২৫) নামৰ যুৱক জনে যোৱা ২২ জুনত সন্ধিয়া পাঁচ মান বজাত ঘৰৰ পৰা টুকটুকী বজাৰ হৈ ধিং বজাৰলৈ গৈছিল এ টি এমৰ পৰা টকা উঠাবলৈ আৰু তাৰ পৰাই নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয়- স্বজনৰ গৃহৰ লগতে বিভিন্ন ঠাইত বিচাৰ – খোচাৰ কৰিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই ৰাহুল আমিনৰ। ৰাহুল আমিন হেৰাই যোৱা বুলি পৰিয়ালৰ লোকে স্হানীয় মিকিৰভেটা থানাত এক লিখিত জাননীও দিয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি ৰাহুল আমিনৰ সন্ধান পায় তেন্তে 7603969542 নাইবা 6001181033 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
