দক্ষিণ শালমাৰা,১২ ডিচেম্বৰ (হি.স.)। মানকাচৰৰ বামুনপাৰাত নিশা কালাপানী আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত পাঁচজন জুৱাৰীক গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বামুনপাৰাত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি কালাপানী আৰক্ষীয়ে অভিযান চলাই পাঁচগৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজনৰ পৰা ৩৮০০ নগদ টকাৰ লগতে জুৱা খেলৰ বিভিন্ন সামগ্ৰীৰ উদ্ধাৰ কৰে। জুৱাৰী কেইজন ক্ৰমে বামুনপাৰা গাওঁৰ মঞ্জিল হকৰ পুত্ৰ ছাইদুল ইছলাম (৩৬), বামুনপাৰা গাওঁৰ আব্দুল লতিফৰ পুত্ৰ শ্বাহজাহান আলী (৩৫), বামুনপাৰা গাওঁৰ জামাল শ্বেখৰ পুত্ৰ চুলতান মামুদ (২৭), বামুনপাৰা গাওঁৰ হাছেম আলীৰ পুত্ৰ সেকিম আলী (৪০), একেখন গাওঁৰ ৰমজান আলীৰ পুত্ৰ মিনহাৰ আলী (৩৮)। পাচঁজন জুৱাৰীক কালাপানী আৰক্ষীয়ে জেৰা কৰি হাটশিঙিমাৰীৰ জিলা আদালতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
