কামৰূপ, ১৬ জানুৱাৰী (হি স)। মাঘ বিহু উপলক্ষে ৰঙিয়াত অনুস্থিত কৰা হৈছে বিভিন্ন খেল ধেমালী প্ৰতিযোগিতা। ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ চন্দ্ৰ ডেকা আৰু ভাতৃ মহেশ্বৰ ডেকাৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা। বিশেষকৈ অঞ্চলটোৰ শিশু সকলৰ মাজত অনুষ্ঠিত কৰা হয় উঠা- বহা, পাৰ-পানীকে ধৰি বিভিন্ন ধৰণৰ খেল।
ৰঙিয়াৰ ৪ নং ওৱাৰ্ডৰ পাৰিষদ মিতালী ডেকাৰ উদ্যোগত খেলৰ লগতে অনুষ্ঠিত কৰা হয় এখনি চিত্ৰাংকন প্ৰতিযোগিতাও। ৭ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতাখনিত বিজয়ী প্ৰতিযোগী সমূহক একোটা ট্ৰফীৰ লগতে প্ৰাইজমানিৰেও পুৰস্কৃত কৰা হয়। অঞ্চলটোৰ মাৰোৱাৰী সমাজৰ অংশগ্ৰহণেৰে সম্প্ৰীতিৰ আদৰ্শ ডাঙি ধৰা প্ৰতিযোগিতাখনত প্ৰায় ৪৫ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণে প্ৰতিযোগিতাখনিক অধিক আকৰ্ষিত কৰি তোলে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
