
গোলাঘাট, ০৮ ছেপ্টেম্বৰ (হি.স.): ভাৰতৰত্ন ড’ ভূপেন হাজৰিকাৰ আজি জন্ম শতবার্ষিকী । যোগীঘোপাৰ পাচনীয়া গাঁৱৰ নিৰঞ্জন বৰ্মনৰ বাসগৃহত উদযাপন কৰিলে ড’ ভূপেন হাজৰিকাৰ আজি জন্ম শতবার্ষিকী । ৮ ছেপ্টেম্বৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া ওপজা দিন । ৰাজ্যৰ লগতে দেশে-বিদেশতো উদযাপন কৰা হৈ আছে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ।
ইফালে যোগীঘোপাৰ পাচনীয়াৰ এজন শিল্পী নিৰঞ্জন বৰ্মনে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে । কণ্ঠশিল্পী গৰাকীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যা অৰ্পণ কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত সমূহৰ কেইটামান গীত পৰিৱেশন কৰি জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে ।
কন্ঠ শিল্পী নিৰঞ্জন বৰ্মনে উল্লেখ কৰে যে সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ গীত সমূহ আজি প্ৰায় ২০ বছৰ ধৰি চৰ্চা কৰি থকাৰ লগতে প্ৰতিদিনে ৰাতিপুৱা সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ গীত এটি পৰিবেশন কৰি দিনটোৰ আৰম্ভণি কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
