বৰপেটা, ১৩ আগষ্ট (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰীত যোৱাকালি মঙ্গলবাৰে বিয়লি এক ভয়ংকৰ ঘটনা ঘটে। এগৰাকী নাবালিকা ছাত্ৰীক এজন যুৱকে চুৰিকাঘাতেৰে প্ৰাণে মৰাৰ অপচেষ্টা চলায়। সৰ্থেবাৰীৰ বেঙাপাৰাত সংঘটিত হয় এই ঘটনাটি ৷
দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে টিউচনৰ পৰা বনিয়াকুছিস্থিত ঘৰলৈ গৈ থকা অৱস্থাতে যুৱকজনে চুৰিৰে আঘাত কৰে ছাত্ৰী গৰাকীক। চুৰিকাঘাতত আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীৰ ডিঙিত পৰিছে কেইবাটাও চিলাই। উন্নত চিকিৎসাৰ বাবে ছাত্ৰী গৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। চুৰিকাঘাত কৰা যুৱকজন সৰ্থেবাৰী জনৈক বৰ্মণ বুলি জানিব পৰা গৈছে।
অৱশ্যে কিহৰ বাবে ছাত্ৰী গৰাকীক চুৰিৰে আঘাত কৰা হৈছে সেইয়া জানিব পৰা নাই। ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে সৰ্থেবাৰী আৰক্ষীয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
